অসমত বিভিন্ন ধৰণৰ চিল্ক বা ৰেচম পোৱা যায়, ইয়াৰে আটাইতকৈ প্ৰসিদ্ধ আৰু গৌৰৱপূর্ণ ৰেচম হʼল মুগা, অসমৰ অনন্য প্ৰকৃতিৰ সোণালী ৰেচম। “মুগাৰ” উপৰিও আন দুই প্ৰকাৰৰ ৰেচম হʼল “পাত”, একধৰণৰ ক্ৰীম সদৃশ উজ্জ্বল ৰূপালী ৰঙৰ ৰেচম আৰু “এৰি”, যি জাৰকালি গৰম কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয়। অসমৰ পাৰস্পৰিক ৰেচম উদ্দ্যোগৰ কেন্দ্ৰ শুৱালকুছিৰ উপৰিও, ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো অংশত, গাওঁৰ ঘৰবোৰত ৰেচম আৰু উৎকৃষ্ট মানৰ বোৱা ৰেচমৰ বস্ত্ৰ উৎপাদন কৰা হয়। তদুপৰি অসমৰ বিভিন্ন জাতীয় সাংস্কৃতিক সম্প্ৰদায় সমূহে অদ্বিতীয় ৰূপাঙ্কণ আৰু বহু ৰঙৰ মিশ্ৰণেৰে বোৱা বিভিন্ন ধৰণৰ সুতাৰ বস্ত্ৰ তৈয়াৰ কৰে।. 

ৰাজধানী চহৰ, গুৱাহাটীৰ পৰা কিছু কিলোমিটাৰ নিলগত অৱস্থিত “শুৱালকুছি” হ'ল অসমৰ ৰেচম শিল্প উদ্যোগৰ কেন্দ্রস্থল। এই ঠাইৰ দক্ষ তাঁতীসকলে এই শিল্পত ইমান সন্মান বুটলিবলৈ সক্ষম হৈছে যাৰ বাবে এই অঞ্চলটোক যথাযতভাবে "ভাৰতৰ ৰেচম স্বৰ্গ" বুলি কব পাৰি। 

Mekhla chador

মুগা সংস্কৃতি বা মুগা ৰেচমৰ ক্ষেত্ৰত অসম, পৃথিৱীৰ ভিতৰত বৃহত্তম উৎপাদনকাৰী ৰাজ্য। যদিও অসমত ৪ টা বিভিন্ন প্রকাৰৰ ৰেচম উৎপন্ন হয়, তথাপিও মুগা আৰুএৰী চিল্কৰ উৎপাদনত বৰকৈ জোৰ দিয়া হৈছে যিটো বণিয়া চিল্ক হিচাবে জনপ্রিয়। অসমে দেশৰ মুঠ মুগা আৰু এৰী উৎপাদনৰ ক্ষেত্ৰত যথাক্ৰমে ৯৫% আৰু৬৫% অৱদান আগবঢ়ায়। অসমে ২০০৭ চনত মুগা ৰেচমৰ বাবে ভৌগলিক সংকেট (জিআই) টেগ লাভ কৰিছে।

অসমৰ ৰেচমশিল্প সম্পৰ্কে আৰু বেছি জানিবলৈ ইয়াত ক্লিক কৰক 

অসম চিল্ক ক্ৰয় কৰিবলগীয়া ঠাই

ভৱিষ্যতে যদি আপুনি অসমত পৰ্যটন কৰে, তেনেহ'লে অসমৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ, আপোনাৰ নিজৰ বাবে বা বন্ধু-বান্ধৱ তথা পৰিয়ালৰ বাবে নিশ্চয়কৈ সকলোতকৈ সুন্দৰ অসম চিল্কৰ মেখেলা-চাদৰ, শাৰী, কুর্তা, ধুটি, চেলেং-চাদৰ আৰু গামোচা ক্ৰয় কৰিব পাৰে।

অসমত বা অসমৰ বাহিৰত বিভিন্ন ধৰণৰ এম্পেৰিয়াম আৰু প্ৰচাৰৰ বাবে বহুতো অনলাইন ৱেবছাইটৰ সুবিধা আছে, যদিও গুৱাহাটীত সহজে উপলব্ধ অসম চিল্কৰ স্থানসমূহৰ তালিকা তলত উল্লেখ কৰা হৈছে যাৰ দ্বাৰা গ্ৰাহক লাভাম্বিত হোৱাৰ লগতে তেওঁলোকে পাৰম্পৰিক সামগ্ৰীও ক্ৰয় কৰিব পাৰিব:

১) দি চিল্কালয়

ঠিকনা: কমলা টাৱাৰ, জিএচ ৰোড, গণেশগুৰি, গুৱাহাটী, অসম ৭৮১০০৫

২) মঞ্জু চিল্ক চেন্টাৰ

ঠিকনা: এইচ.বি. ৰোড, পানবজাৰ থার্ড আই কলেজৰ বিপৰাতে, পাণ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১

৩) অসম চিল্ক এম্পোৰিয়াম

ঠিকনা: ইউ.বি. প্লাজা, কটন কলেজ ৰোড, এইচ.বি. ৰোড, পাণ বজাৰ ৰোড, গুৱাহাটী, অসম ৭৮১০০১

৪) প্ৰাগজ্যোতিকা অসম এম্পোৰিয়াম

ঠিকনা: জি.এন.বি ৰোড, আমবাৰী, গুৱাহাটী, অসম ৭৮১০০১

৫) কল্পতৰু দি অসম কো-অপাৰেটিভ চিল্ক হাউচ লিমিটেড

ঠিকনা: গণেশগুৰি চাৰিআলি, গণেশগুৰি, গুৱাহাটী, অসম ৭৮১০০৬

৬) চিল্কালয়

ঠিকনা: জে.আৰ মেনচন শ্বপিং আর্কেড, কামাৰপট্টি, ফেন্সী বজাৰ, গুৱাহাটী, অসম ৭৮১০০১

৭) বৈশ্য চিল্ক এম্পোৰিয়াম

ঠিকনা: কোঠা সংখ্যা ৪, চান্সেলৰ কমাৰ্চিয়েল বিল্ডিং, এইচ.বি. ৰোড, পাণ বজাৰ ৰোড, পাণ বজাৰ, গুৱাহাটী, অসম ৭৮১০০১