• Terms of Use Page Inner Banner

পোর্টেল ব্যৱহাৰৰ নিয়ম

যদিওবা উক্ত পোৰ্টেলত থকা সমলৰ যথাৰ্থতা নিশ্চিত কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰা হৈছে, তথাপিও এই ব্যৱস্থাক আইনী বিবৃতি হিচাপে, নাইবা কোনো বিধিসন্মত উদ্দেশ্যৰ বাবে ব্যৱহাৰোপোযোগী বুলি বিবেচনা কৰা অনুচিত । কাৰ্যালয়ে সঠিকতা, সম্পূৰ্ণতা, উপকাৰিতা বা অন্যথা বিষয়বস্তু সন্দৰ্ভত দায়িত্ব গ্ৰহণ নকৰে। ব্যৱহাৰকাৰীসকলক সংশ্লিষ্ট চৰকাৰী বিভাগ তথা অন্যান্য উৎসসমূহৰ সৈতে নিৰীক্ষণ বা মূল্যায়ন কৰাৰ লগতে ৱেবছাইটত প্ৰদান কৰা তথ্য সম্পৰ্কীয় কাম কৰাৰ আগেয়ে কোনো পোর্টেল সন্দৰ্ভত উপযুক্ত জ্ঞান থকা ব্যক্তিৰ অনুমতি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

যিকোনো পৰিস্থিতিতে কাৰ্যালয়ে কোনো সীমাহীন ব্যয়, ক্ষতি বা লোকচানক সামৰি, পৰোক্ষ বা পৰণতি স্বৰূপ ব্যয় বা ক্ষতি বা যিকোনো ব্যয়, ক্ষতি বা তথ্যৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা লোকচানৰ বাবে কাৰ্যালয় জবাবদিহি হ'ব।

এই ৱেবছাইটত অন্তৰ্ভুক্ত অন্যান্য ৱেবছাইটৰ লিংক কেৱল সাৰ্বজনীন সুবিধাৰ্থে প্ৰদান কৰা হয়। ৱেবছাইটত সংলগ্ন কৰা লিংক বা সমলসমূহৰ সত্য সত্যতাৰ প্ৰতি কাৰ্যালয় দায়বদ্ধ নহয় তথা বিষয়বস্তুৰ অন্তৰ্ভুক্ত বিৱৰণসমূহক সমৰ্থন কৰাটো আৱশ্যক নহয়। এনেধৰণৰ সংযুক্ত লিংকসমূহৰ উপলব্ধতা সম্পৰ্কে কাৰ্যালয়ে কোনো ধৰণৰ আশ্বাস দিব নোৱাৰে।

উল্লেখিত নিয়ম আৰু চৰ্তবোৰ ভাৰতীয় আইন অনুযায়ী নিয়ন্ত্ৰিত তথা পৰিচালিত হ'ব। ইয়াৰ দ্বাৰা সৃষ্টি হ'বলগীয়া যিকোনো সমস্যা ভাৰতীয় আদালতৰ বিশেষ দণ্ডাধীশৰ অধীন হ'ব।

অস্বীকাৰ পত্ৰ

 

অসম ৰাজ্যিক পোৰ্টেল, ৰাষ্ট্ৰীয় সূচনা-বিজ্ঞান কেন্দ্ৰ, অসম ৰাজ্যিক শাখাৰ দ্বাৰা পৰিকল্পিত, গঠিত আৰু নিয়ন্ত্ৰিত|

 

কোনো ধৰণৰ বৈধ পবিত্ৰতা অবিহনে বৃহৎসংখ্যক জনসাধাৰণে অতি দ্ৰুত আৰু সহজে ৱেবছাইটত সন্নিৱিষ্ট তথ্যসমূহ লাভ কৰিবলৈ কেৱল তথ্য সূচনা বিতৰণৰ উদ্দেশ্যৰেহে ব্যৱহৃত। যথাযথ আৰু সময়োপোযগী তথ্য প্ৰদান কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত থাকিলেও, সম্ভৱত কিছুমান তথ্য যেনে, দূৰভাষ নং, বিশেষ পদাধিকাৰী বিষয়াৰ নাম এই ৱেবছাইটত অন্তৰ্ভূক্ত কৰাৰ আগতেই সলনি হ'ব পাৰে। সেয়েহে এই সমলসমূহৰ সম্পূৰ্ণতা, সঠিকতা আৰু ব্যৱহাৰ যোগ্যতাৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ আইনী দায়বদ্ধতা স্বীকাৰ নকৰোঁ|

কেতবোৰ ৱেব পেইজ বা নথিপত্ৰৰ ক্ষেত্ৰত, আন বৰ্হিস্থিত ৱেবছাইটৰ সৈতে সংযুক্ত লিংক দিয়া হৈছে| ৱেবছাইটে এনেধৰণৰ বাহ্যিক ছাইটৰ ক্ষেত্ৰত সমলৰ সত্যসত্যতাৰ বাবে দায়িত্ব গ্ৰহণ নকৰে| আন বৰ্হিস্থিত ৱেবছাইটলৈ দিয়া হাইপাৰলিংকৰ দ্বাৰা এইকথা নুবুজাই যে সেই বৰ্হিস্থিত ৱেবছাইটসমূহৰ তথ্য, সামগ্ৰী বা কোনো সেৱাৰ আমি পৃষ্ঠপোষকতা কৰোঁ |

ৱেবছাইটৰ সমস্ত প্ৰয়াসৰ পিছোতো, উক্ত ছাইটত উল্লেখিত নথিপত্ৰ কম্পিউটাৰ ভাইৰাছ আদিৰ দ্বাৰা সংক্ৰমণ মুক্ত বুলি নিশ্চয়তা প্ৰদান কৰিব পৰা নাযায়।

অসম ৰাজ্যিক পোৰ্টেল অৰ্থাৎ এই ৱেবছাইটৰ অধিক বিকাশৰ বাবে আপোনাৰ বহুমূলীয়া পৰামৰ্শ আমাৰ কাম্য তথা কোনো ধৰণৰ ভুল বা আঁসোৱাহ দৃষ্টিগোচৰ হ'লে অনুগ্ৰহ কৰি অমাক অৱগত কৰে যেন।